Professional Documents
Culture Documents
Religion and Politics - Jiten Bezboruah
Religion and Politics - Jiten Bezboruah
জিতেন বেজবৰুৱা
(ক)
ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক তথা ‘ধৰ্মীয় ৰাজনীতি’ সম্পৰ্কে বিদ্যায়তনিক মহলত
ইমান দিনে জনপ্ৰিয় হৈ অহা ধাৰণাত এই দুইটাকে সমাজৰ দুটা পৃথক বলয় হিচাপে আৰু এটাৰ
মাজত আনটোৰ প্ৰবেশক অবাঞ্ছনীয় তথা ক্ষতিকৰ বুলি গণ্য কৰা হৈ আহিছে। আধুনিকতাৰ
জনপ্ৰিয় ধাৰণাত ধৰ্মক এটা ব্যক্তিগত বিষয় হিচাপে গ্ৰহণ কৰা বাবে ই ব্যক্তিগত পৰিসৰৰ
বাহিৰলৈ আহি ৰাজহুৱা পৰিসৰত প্ৰভাৱ পেলোৱাটো সমস্যাজনক হৈ পৰে। কিন্তু শেহতীয়া
সময়ছোৱাত আধুনিকতা, ৰাজহুৱা পৰিসৰ, ধৰ্ম আৰু ছেকু লাৰবাদ সম্পৰ্কে হোৱা নতু ন চিন্তা-
চৰ্চাত এই ধাৰণাসমূহক প্ৰত্যাহ্বান জনোৱা হৈছে। ৰাজহুৱা পৰিসৰ সম্পৰ্কে চিন্তা-চৰ্চাৰ
বাটকটীয়া য়ুৰ্গেন হেবাৰমাছৰ কথা এই প্ৰসংগত আলোচ্য। এফালে ৰাষ্ট্ৰ আৰু অৰ্থনীতি,
আনফালে পৰিয়ালৰপৰা পৃথক ৰূপত আৰু দূৰত্বত কেনেকৈ অষ্টাদশ শতিকাত বুৰ্জোৱা ৰাজহুৱা
পৰিসৰৰ জন্ম, বিকাশ আৰু পৰৱৰ্তী সময়ত ক্ৰমাগত পতন হৈছিল তাৰ এক বিশদ আলোচনা
হেবাৰমাছে দাঙি ধৰিছে। হেবাৰমাছৰ ধাৰণাই বিশ্বৰ সমাজবৈজ্ঞানিক চিন্তা-চৰ্চাৰ ওপৰত ব্যাপক
আৰু গভীৰ প্ৰভাৱ পেলাই আহিছে। কিন্তু এটা আশ্চৰ্যৰ কথা হ’ল এই যে হেবাৰমাছৰ ৰাজহুৱা
পৰিসৰৰ ধাৰণাত ধৰ্মৰ কোনো স্থান নাছিল, বৰং ক্ৰাইগ কেলহৌনে কোৱা মতে, তেওঁৰ
ধাৰণাৰাজি আছিল ধৰ্মবিৰোধী। কিন্তু ধৰ্ম কেৱল এটা ব্যক্তিগত বিষয় হয় নে বা হ’ব পাৰেনে?
আধুনিকতাৰ যি ধৰ্মমুক্ত ধাৰণা সততে দাঙি ধৰা হয়, সেয়া ঐতিহাসিকভাৱে আৰু
সমাজতাত্ত্বিকভাৱে শুদ্ধনে? ধৰ্ম আৰু ৰাজহুৱা পৰিসৰৰ মাজৰ পৃথকতা বা সম্পৰ্কক লৈ
যিবোৰ মিথ প্ৰচলিত হৈ আহিছে সেইবোৰক আমাৰ ৰাজনৈতিক বা দৈনন্দিন অভিজ্ঞতাই সঁচা
বুলি প্ৰমাণ কৰেনে? ধৰ্ম আৰু ছেকু লাৰবাদ সম্পৰ্কে হোৱা শেহতীয়া চিন্তা-চৰ্চাসমূহে এই দুইটা
বিষয় সম্পৰ্কেই আমাক নতু নকৈ ভাবিবলৈ বাধ্য কৰিছে। ধৰ্মৰ ৰাজহুৱা চৰিত্ৰ আৰু গুৰুত্ব
সম্পৰ্কে হোৱা আলোচনাই আমাৰ মৌলিক ধাৰণাগত কেটেগৰিসমূহকে প্ৰশ্নৰ কাঠগৰাত থিয়
কৰিছে। সি যি নহওক, হেবাৰমাছে নিজেও তেওঁৰ ধৰ্মহীন ৰাজহুৱা পৰিসৰৰ সীমাবদ্ধতা
উপলব্ধি কৰিছিল আৰু পৰৱৰ্তী সময়ত ধৰ্ম সম্পৰ্কে চিন্তা-চৰ্চাত মনোনিবেশ কৰিছিল।
তেওঁৰ উপৰি ক্ৰাইগ কেলহৌন, চাৰ্লছ টেইলৰ, কৰ্নেল ৱেষ্ট আদি বহুতো চিন্তাবিদে ধৰ্ম আৰু
ছেকু লাৰবাদ সম্পৰ্কে নতু ন চিন্তা-চৰ্চাৰ সূচনা কৰিছে। তেওঁলোকৰ চিন্তাৰ প্ৰাথমিক ক্ষেত্ৰখন
ঘাইকৈ ইউৰোপ আৰু আমেৰিকাৰ সমাজৰ মাজত আবদ্ধ। আনহাতে, ভাৰত তথা দক্ষিণ এছিয়াৰ
সামাজিক প্ৰেক্ষাপটত এই সম্পৰ্কে আশিস নন্দী, সুদীপ্ত কবিৰাজ, পাৰ্থ চেটাৰ্জী, ৰাজীৱ
ভাৰ্গৱ আদিয়ে মৌলিক বৰঙণি যোগাই আহিছে কেইবা দশকৰ আগৰপৰাই। গতিকে ধৰ্ম
সম্পৰ্কে আলোচনা কৰিবলৈ গ’লেই চিন্তা-চৰ্চাৰ এখন বিশাল ক্ষেত্ৰ সন্মুখত আহি পৰে। এই
বিশাল ক্ষেত্ৰখন সম্পৰ্কে থোৰতে কোনো কথা কোৱা নাযায়, তাৰ অংশীদাৰ বিভিন্ন চিন্তাবিদৰ
ৰচনাৰাজিৰ অধ্যয়ন অবিহনে কোনো সহজ সিদ্ধান্তত আহিব পৰা নাযায়। কিন্তু দুখৰ বিষয় যে ধৰ্ম
সম্পৰ্কীয় আমাৰ সমাজৰ প্ৰগতিশীল চিন্তা-চৰ্চাত এতিয়াও যান্ত্ৰিক, অনৈতিহাসিক আৰু
সঁজুলিবাদী ধ্যান-ধাৰণাৰ পয়োভৰেই বেছি। ধৰ্ম তথা ‘ধৰ্মীয় ৰাজনীতি’ক মতাদৰ্শগতভাৱে
নাকচ কৰাতেই অধিক গুৰুত্বাৰোপ কৰা হয়। ইয়াৰ ফলস্বৰূপে ধৰ্মৰ, বিশেষকৈ তাৰ আধুনিক
ৰূপটোৰ জনপ্ৰিয়তা তথা প্ৰাণশক্তি আৰু তাৰ ঐতিহাসিক স্থিতিস্থাপকতাৰ স্বৰূপ আমাৰ
অলক্ষিতেই থাকি যায়। আমি ভাবো যে ধৰ্মৰ এক গভীৰ ঐতিহাসিক সমাজতত্ত্বৰ জৰিয়তেহে
ধৰ্মকো বুজিব পৰা যাব আৰু ‘ধৰ্মীয় ৰাজনীতি’কো সঠিকভাৱে প্ৰত্যাহ্বান জনাব পৰা যাব।
কিন্তু তাৰ বাবে আমি প্ৰথমতে উপৰোক্ত বিষয়সমূহত হোৱা তাত্ত্বিক-সমাজবৈজ্ঞানিক চিন্তা-
চৰ্চাসমূহৰ সৈতে পৰিচিত হোৱা দৰকাৰ। আমি কৰা ধৰ্ম সম্পৰ্কীয় যিকোনো আলোচনা সেই
দিশতে অগ্ৰসৰ হোৱাটো বাঞ্ছনীয়। ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰতো একে কথাই
প্ৰযোজ্য।
(খ)
সাম্প্ৰতিক ভাৰতত হিন্দু জাতীয়তাবাদে এক সামাজিক-ৰাজনৈতিক আধিপত্য অৰ্জন কৰিছে।
এনে প্ৰেক্ষাপটত ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গ’লে সাম্প্ৰদায়িক
ৰাজনীতিৰ কথাই ক’ব লাগিব। হিন্দু জাতীয়তাবাদৰ উত্থান আৰু বিকাশৰ প্ৰক্ৰিয়াটোৰ মাজেৰেই
আমি এই সম্পৰ্কৰ এটা স্পষ্ট আভাস লাভ কৰিব পাৰো।
স্বাধীনতা লাভৰ পাছত ভাৰতত এক ছেকু লাৰ- আধুনিকতাবাদী জাতি-ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা হৈছিল।
এই ৰাষ্ট্ৰৰ চৰিত্ৰ স্বয়ংক্ৰিয়ভাৱে বা অৱশ্যম্ভাৱীধৰণে ছেকু লাৰ-আধুনিক হৈ উঠা নাছিল।
স্বাধীনতা আন্দোলনৰ মাজত বহুতো পৰস্পৰবিৰোধী মতাদৰ্শগত ধাৰাৰ তু মুল প্ৰতিদ্বন্দ্বিতা
চলিছিল মতাদৰ্শগত আধিপত্য আৰু ৰাজনৈতিক নেতৃ ত্বৰ বাবে। কিন্তু তাৰ মাজৰপৰা
আন্দোলনৰ মূল নেতৃ ত্বই ছেকু লাৰ-আধুনিকতাবাদী ধাৰাটোকে নিৰ্বাচন কৰিছিল আধুনিক জাতি-
ৰাষ্ট্ৰৰ মডেল হিচাপে। নেহৰুৰ নেতৃ ত্বত প্ৰতিষ্ঠা লাভ কৰা এই মডেলটোৱে ৰাষ্ট্ৰ
পৰিচালনাৰপৰা ধৰ্মক আঁতৰাই ৰাখিছিল আৰু এক ছেকু লাৰ-আধুনিক ৰাজহুৱা পৰিসৰৰ
পোষকতা কৰিছিল। কিন্তু এইটো আছিল ভাৰতৰ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ জনসমাজখনৰ
ওপৰত আলাসতে জাপি দিয়া এটা ব্যৱস্থা মাত্ৰ। এটা ছেকু লাৰ-আধুনিক নগৰীয়া এলিট শ্ৰেণী
ঠিকেই গঢ় লৈ উঠিছিল, যাৰ ওপৰত আধুনিকতাৰ ব্যক্তিবাদী প্ৰমূল্যসমূহৰ তথা ছেকু লাৰবাদৰ
প্ৰভাৱ আছিল। কিন্তু তাৰ বাহিৰৰ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ জনসমাজখনৰ বাবে এই ছেকু লাৰ-
আধুনিক প্ৰমূল্য আছিল দুৰ্বোধ্য আৰু বহুত দূৰৰ বস্তু। প্ৰকৃ তাৰ্থত যদি এখন ছেকু লাৰ-আধুনিক
ভাৰত গঢ়াৰ কল্পনা জাতীয় নেতৃ ত্বৰ আছিল, তেনেহ’লে তাৰ বাবে প্ৰথম আৰু প্ৰধান পদক্ষেপ
আছিল ছেকু লাৰকৰণ বা ছেকু লাৰাইজেচন। কিন্তু ভাৰতীয় সমাজৰ ছেকু লাৰকৰণৰ কোনোধৰণৰ
ব্যাপক প্ৰজেক্ট ৰাষ্ট্ৰই কেতিয়াও হাতত নল’লে। গতিকে ভাৰতৰ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ
জনসমাজখন হৈ থাকিল একেই গভীৰভাৱে ধৰ্মপৰায়ণ। এটা উপৰুৱা ছেকু লাৰ-আধুনিক
ৰাজহুৱা পৰিসৰ নগৰীয়া এলিট শ্ৰেণীয়ে পহৰা দি থাকিল, তাৰ মাজলৈ বাহিৰৰ জনসমাজখনৰ
প্ৰবেশ নিষিদ্ধ কৰি ৰখা হ’ল। অৰ্থাৎ ছেকু লাৰ-আধুনিকতাবাদী জাতি-ৰাষ্ট্ৰই ভাৰতত এটা
জনপ্ৰিয় নৈতিক-সাংস্কৃ তিক ন্যায্যতা প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। অন্যান্য বিভিন্ন কাৰণৰ লগতে
এইটো কাৰণতো এই মডেলটোৰ ক্ৰমাৎ অৱক্ষয় ঘটিবলৈ ধৰিলে, আৰু স্বাধীনতাৰ তিনিটা দশকৰ
পাছতেই তাৰ ৰাজনৈতিক পৰিণামসমূহ প্ৰকাশ পাবলৈ ধৰিলে। ছেকু লাৰ-আধুনিক ৰাজহুৱা
পৰিসৰটোৱে ঢাকি ৰাখিবলৈ চেষ্টা কৰা জনসমাজৰ মাজৰ সকলোবোৰ অনাধুনিক শক্তি সজোৰে
মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিলে। ভাৰতীয় জনসমাজখনে আধুনিকতা শিকিব নোৱাৰিলেও লাহে
লাহে গণতন্ত্ৰ শিকি পেলাইছিল আৰু তাক সৃষ্টিশীলভাৱে প্ৰয়োগ কৰিবলৈ ধৰিছিল। ছেকু লাৰ-
আধুনিক জাতি-ৰাষ্ট্ৰৰ মহাকাহিনীটোৰ ক্ৰমাৱক্ষৰ ফলত সৃষ্টি হোৱা শূন্য স্থান পূৰণ কৰিবলৈ
এনেকৈয়ে বহুতো ক্ষু দ্ৰ সামাজিক আন্দোলন আগ বাঢ়ি আহিল আশীৰ দশকত। দলিত-নিম্নবৰ্ণৰ
আন্দোলন, নাৰী আন্দোলন, আঞ্চলিকতাবাদী আন্দোলন আদি বিভিন্ন আন্দোলন ইয়াৰ উদাহৰণ।
ইয়াৰ মাজৰে এটা আন্দোলন আছিল হিন্দু জাতীয়তাবাদৰ।
হিন্দু জাতীয়তাবাদৰ ৰাজনীতি যদিও ঊনবিংশ শতিকাৰ শেষাৰ্ধতেই গঢ় লৈছিল আৰু বিংশ
শতিকাৰ দ্বিতীয় দশকত সাংগঠনিকভাৱে ঠন ধৰি উঠিছিল, স্বাধীনতা লাভৰ পাছৰছোৱাত,
বিশেষকৈ গান্ধী হত্যাৰ বিৰুদ্ধে হোৱা দেশজোৰা জনমতৰ সন্মুখত পৰি, সি পিছ হুঁহকি যাবলৈ বাধ্য
হৈছিল আৰু তলমূৰকৈ সাংস্কৃ তিক কাম-কাজৰ মাজেৰে নিজৰ ধাৰাবাহিকতা বজাই ৰাখিছিল।
ৰাজহুৱা পৰিসৰত ছেকু লাৰ-আধুনিক প্ৰমূল্যৰ আধিপত্যই তাক মতাদৰ্শগতভাৱে সংকু চিত হৈ
থাকিবলৈ বাধ্য কৰিছিল। কিন্তু ৰাষ্ট্ৰৰ সেই মডেলটো আৰু তাৰ সমৰ্থনকাৰী প্ৰমূল্যৰ
ক্ৰমাৱক্ষয়ৰ সমান্তৰালভাৱে হিন্দু জাতীয়তাবাদে পুনৰ মূৰ দাঙি উঠিবলৈ ধৰিলে। কেৱল সেয়েই
নহয়, সি নতু নকৈ গঢ় লৈ উঠা ক্ষু দ্ৰ আন্দোলনবোৰৰ বিপৰীতে এক সমন্বয় আৰু সাৰ্বজনীনতাৰ
আদৰ্শ দাঙি ধৰি ক্ৰমাৎ অধিক গ্ৰহণযোগ্যতা অৰ্জন কৰিবলৈ ধৰিলে। এনে কাৰণতে সি
নৱাগত নব্য উদাৰতাবাদী শক্তিসমূহৰ সমৰ্থন লাভ কৰিলে, আৰু নব্য উদাৰতাবাদৰ সৈতে তাৰ
এটা দীৰ্ঘম্যাদী জোঁটবন্ধনৰ সৃষ্টি হ’ল। ভাৰতীয় জাতীয়তাবাদক সি পুনৰাৱিষ্কাৰ কৰিলে হিন্দুত্ববাদী
অৱতাৰৰ ৰূপত। কিন্তু সি পোনপটীয়াভাৱে কোনোদিনেই ছেকু লাৰ-আধুনিকতাৰ বিৰুদ্ধে থিয় দিয়া
নাই। বৰং সি কংগ্ৰেছী ব্যৱস্থা তথা তাৰ সমৰ্থনকাৰী বৌদ্ধিক সমাজখনৰ ভণ্ড ছেকু লাৰবাদৰ
বিৰুদ্ধে থিয় দি নিজকে প্ৰকৃ ত ছেকু লাৰবাদী বুলি অভিহিত কৰি আহিছে। ৰাষ্ট্ৰৰ ছেকু লাৰ-
আধুনিক ব্যৱস্থা তথা তাৰ মতাদৰ্শগত সঁজুলিসমূহক প্ৰত্যাখ্যান কৰাৰ সলনি সিবোৰক হিন্দু
জাতীয়তাবাদৰ স্বাৰ্থত ব্যৱহাৰ কৰাহে ইয়াৰ উদ্দেশ্য। সাম্প্ৰতিক সময়ৰ বিজেপি চৰকাৰৰ কাম-
কাজেও এই কথাকেই সত্য প্ৰতিপন্ন কৰে। গতিকে এই কথা স্পষ্ট যে হিন্দু জাতীয়তাবাদে নিজকে
আধুনিক আৰু ছেকু লাৰ বুলি দাবী কৰে। ক’ব পাৰি যে হিন্দু জাতীয়তাবাদ হ’ল সাম্প্ৰতিক
ভাৰতীয় আধুনিকতাৰ এটা ৰূপ।
(ৰচনাকাল : ০১-০৮-২১)