You are on page 1of 1

জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত যোৰহাটত। অসমীয়া, বাংলা আৰু বলীউডত সমানে প্ৰভূ ত্ব

বিস্তাৰ
কৰিবলৈ সক্ষম হোৱা অসম গৌৰৱ জুবিন গাৰ্গৰ বিষয়ে কিছু তথ্য সংগ্ৰহ কৰি ইন্টাৰনেটৰ মাধ্যমত জুবিন গাৰ্গৰ
শুভাকাংক্ষী সকললৈ আগবঢাব খুজিছো। যদিও আমি সকলোৱে জুবিন গাৰ্গৰ বিষয়ে জ্ঞাত, তথাপিও উঠি অহা প্ৰজন্মৰ
বাবে লগতে তথ্য সমূহ ভিডিঅৰ মাধ্যমেৰে সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছো।

জুবিন গাৰ্গ কেৱল কন্ঠশিল্পী হোৱাৰ বাবেই সকলোৰে আপোন তেনে নহয়, জুবিন গাৰ্গ হল একেধাৰে কন্ঠশিল্পী, সংগীত
পৰিচালক, গীত ৰচক, প্ৰযোজক, ছবি নিৰ্মাতা, অভিনেতা আৰু এজন বহল মনৰ অধিকাৰী। ৰাজনীতিত ভৰি নেপেলোৱাকৈ
নিস্বাৰ্থভাৱে তেওঁ আৰ্ত জনক বহু ক্ষেত্ৰত সহায় কৰি আহিছে। জুবিন গাৰ্গৰ বহল অন্তৰখনৰ কথা বিশেষকৈ অসমবাসী ৰাইজক
নতু নকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। জুবিন গাৰ্গে বৰ্ত মানলৈকে অসমীয়া ভাষাৰ লগতে অসমৰ বিভিন্ন লোকভাষাৰ গীত
গোৱাৰ লগতে তামিল, তেলেগু, কানাডা, মালায়ালম, মাৰাথি, উৰিয়া, নেপালী, ইংৰাজী আদি বিভিন্ন গীতত কন্ঠ নিগৰাইছে।

কেৱল এয়াই নহয়, তেওঁ এগৰাকী সুদক্ষ বাদ্যযন্ত্ৰীও। এক কথাত কবলৈ গলে জুবিন গাৰ্গ অল ৰাউণ্ডাৰ।

জুবিন গাৰ্গৰ প্ৰকৃ ত নাম জীৱন বৰঠাকুৰ।

প্ৰসিদ্ধ সংগীত পৰিচালক জুবিন মেহতাৰ নামেৰে জুবিন গাৰ্গৰ নামটো নতু নকৈ নামাকৰণ কৰা হৈছিল। আৰু তেওঁৰ গোত্ৰৰ
আধাৰত বৰঠাকুৰৰ ঠাইত গাৰ্গ ৰখা হল। জুবিন গাৰ্গৰ পিতৃ ৰ নাম মোহিনী বৰঠাকুৰ। পিতৃ মোহিনী বৰঠাকুৰো এজন কবি
তথা গীতিকবি। জুবিনৰ মাতৃ ও এগৰাকী সুদক্ষ অভিনেত্ৰী, কন্ঠশিল্পী আছিল। লগতে তেওঁ খুউব সুন্দৰ নৃত্য পৰিৱেশন
কৰিছিল। জুবিনৰ ভগ্নী জংকী বৰঠাকুৰ আছিল এগৰাকী সুদক্ষ অভিনেত্ৰী আৰু সুকন্ঠী গায়িকা। ২০০২ চনত তেজপুৰৰ
সমীপত সংঘটিত এক শোকাৱহ পথ দূৰ্ঘটনাত মৃত্যুক আকোৱালি লব লগা হৈছিল জংকী বৰঠাকুৰে।

ভগ্নীক হেৰুৱাৰ বেদনাত জুবিন ম্ৰিয়মাণ হৈ পৰিছিল। জংকীৰ পবিত্ৰ সোঁৱৰণত জুবিন গাৰ্গে প্ৰস্তত কৰিলে শিশু নামৰ এখন
অডিঅ এলবাম। ২০০২ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে জুবিন গাৰ্গৰ সৈতে বিবাহ পাশত আৱদ্ধ হল গোলাঘাটৰ জীয়ৰী গৰিমা
শইকীয়া। গৰিমা শইকীয়া গাৰ্গ এগৰাকী সুপত্নী হোৱাৰ লগতে তেওঁ বৰ্ত মান সময়ৰ এগৰাকী জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ।

১৯৯২ চনত জুবিন গাৰ্গৰ কন্ঠত বাণীবদ্ধ হোৱা প্ৰথমখন মিউজিক এলবাম অনামিকা মুক্তি লাভ কৰিছিল। তাৰ পিছত প্ৰস্তত
কৰিলে মায়া, আশা আৰু পাখি। জুবিনৰ আটাইকেইখন এলবামেই সেই সময়ত জনপ্ৰিয়তা অৰ্জ ন কৰিবলৈ সক্ষম হৈছিল। সেই
সময়চোৱাতেই জুবিনে অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰখনত আন এক নতু ন মাত্ৰা দিবলৈ সক্ষম হৈছিল। যদি সুক্ষ্মভাৱে
পৰ্যবেক্ষণ কৰা হয়, তেন্তে দেখা পোৱা যাব জুবিনৰ সেই সময়ৰ গীতবোৰৰ সুৰ একক আৰু অনন্য আছিল।

নৱৈ দশকৰ শেষৰ ফালে জুবিনে বলীউডত কাম কৰিবলৈ আৰম্ভ কৰে আৰু কিছু দিন কাম কৰাৰ পিছতেই জুবিনৰ কন্ঠত
বাণীবদ্ধ হল মিউজিক এলবাম Chandni Raat, Yuhi Kabhi, Fiza আৰু Kaante. তেওঁ বলীউডত কাম কৰিও কিন্ত অসমীয়া বা
অন্যান্য ভাষাৰ গীত সমূহৰ কামো সমান্তৰালভাৱে চলাই গৈছিল।

২০০৬ চনত জুবিন গাৰ্গৰ কন্ঠত বাণীবদ্ধ হোৱা গেংষ্টাৰ নামৰ হিন্দী ছবিখনৰ ইয়ালি শীৰ্ষক গীতটিয়ে সমগ্ৰ দেশজুৰি
খলকনিৰ সৃষ্টি কৰিলে। যাৰ বাবে জুবিন গাৰ্গে লাভ কৰিলে Global Indian Film Awards (GIFA)....

You might also like