You are on page 1of 3

গুৱাহাটীৰ

দক্ষিণ-পশ্চিম দিশত অৱস্থিত

দীপৰ বিল হৈছে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ

এখন মনোমোহা প্ৰাকৃ তিক ঠাই ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ নিলগত অৱস্থিত

দীপৰ বিল

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা

দূৰত্ব প্ৰায় ৫ কিলোমিটাৰ । ইয়াৰ কাষেদি পাৰ হৈ গৈছে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অন্তৰ্গত ব্ৰদগজ আলি ।

দীপৰ বিলৰ দ্ৰাঘিমাংশ হৈছে ২৬.৬ মিনিট ৮ ছেকেণ্ড আৰু অক্ষাংশ হৈছে ১১.৩১ মিনিট ২ ছেকেণ্ড। ই সমুদ্ৰ পৃষ্ঠৰ
পৰা ৫৪ মিটাৰ ওপৰত অৱস্থিত।

১৯৫০ চনৰ প্ৰলয়ংকাৰী ভূ মিকম্পত সম্পূৰ্ণ পাহাৰ তললৈ গৈ সৃষ্টি হৈছিল এক বৃহৎ জলাশয় । ২০০২ চনৰ
নবেম্বৰ মাহত দীপৰ বিল নামেৰে জনাজাত এই প্ৰকাণ্ড জলাশয়টো উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি
ঘোষণা কৰা হয় । Bird Life International য়েও পৰৱৰ্তী সময়ত দীপৰ বিলক পক্ষী সংৰক্ষিত এলেকা হিচাপে
চিহ্নিত কৰিছে । ইয়াৰোপৰি আমি যদি ইতিহাসৰ পাত লুটিয়াই চাও দীপৰ বিল পৌৰাণিক কামপীঠৰ
অন্তৰ্গত আছিল । আৰু পূৰ্বতে মেঘালয়ৰ শাসনকৰ্ত া ৰায়ব্ৰাই চিয়েমে ইয়াত শাসন কৰিছিল বুলি জনা যায় ।
ঠিক তেনেদৰে আহোম আৰু মোগলৰ দিনটো দীপৰ বিলত জাহাজ মেৰামতি আৰু বয়-বস্তু উঠোৱা-নমা কৰা
ঠাই হিচাপে ব্যৱহাৰ কৰা হৈছিল ।

দীপৰ বিলৰ পূৱ দিশত আছে : বশিষ্ঠ বাহিনী নদী আৰু ভৰলু নদী

উত্তৰ দিশত আছে : অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু জালুকবাৰী

পশ্চিম দিশত আছে : কালমনি নদী আৰু আজাৰা

দক্ষিণে : খাচী জয়ন্তীয়া পাহাৰ

দীপৰ বিলৰ জলাহভূ মি ৪.১৪ বৰ্গ কিঃমিঃ এলেকা বিস্তৃ ত। ইয়াৰ গভীৰতা প্ৰায় ৬ মিটাৰ আৰু খৰালি ইয়াৰ গভীৰতা
১.৫ মিটাৰলৈ হ্ৰাস পায়। দীপৰ বিল জৈৱিক আৰু প্ৰাকৃ তিক দুয়ো ফালৰ পৰা অতিকৈ চহকী। দীপৰ বিলৰ এই
নান্দনিক প্ৰাকৃ তিক পৰিৱেশ উপভোগ কৰিবলৈ বছৰৰ প্ৰতিটো সময়তে ভীৰ কৰেহি দেশী বিদেশী পৰ্যটকে। বিশেষকৈ
ইউৰোপ, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, চীন, চাইবেৰিয়া, কানাডা, আফ্ৰিকা আদি বিভিন্ন ঠাইৰ পৰা বৰ্ত মান পৰিভ্ৰমী চৰাই
সমূহ আহিবলৈ আৰম্ভ কৰিছে । বন বিভাগৰ তথ্য অনুসৰি বৰ্ত মানলৈকে প্ৰায় ৫৯ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই দীপৰ
বিললৈ আহে। এই চৰাই সমূহৰ ভিতৰত শামুখ ভঙা, ক্ৰেন, পেলিকান, দেউ ৰাজহাহঁ , কলামৰীয়া হাহঁ , নেজাল হাহঁ ,
মালাদি, হোৱাইট ষ্টক, পিন্টল, মাহতলা, ৰেডিচন ডাক, ডৰিদ, চকচকুৱা, লিটিন ৰিং নামৰ পৰিভ্ৰমী দেশী-বিদেশী
চৰাই সমূহ অন্যতম।বশিষ্ঠ নদী, কালমনি নদী আৰু বৰষুণৰ পানীয়েই দীপৰ বিলৰ পানীৰ প্ৰধান উৎস। খনাজান
বাহিনীয়ে দীপৰ বিলক ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোগ কৰাইছে। দীপৰ বিলৰ জলবায়ুৰ উষ্ণতা ১০.৬ ডিগ্ৰী ছেলছিয়াছৰ
পৰা ৩২ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত থাকে। শীত কালত দীপৰ বিলৰ পৰিসৰ কমি যোৱাৰ ফলত স্থানীয় বাসিন্দা
সকলে বিলৰ পলসুৱা মাটিত খেতি কৰে। দীপৰ বিলত জলীয় গছ-গছনি যেনে: পানীমেটেকা, জলীয় ঘাঁহ, পদুম, পানীত
ওপঙি থকা ঘাঁহ আদি গ্ৰীষ্ম কালত দেখা যায়। শুকান ঠাইবিলাকত সাধাৰণতে শীতকালি জলীয় আৰু অৰ্ধজলীয় গছ-
গছনি দেখা যায়। বছৰৰ অন্যান্য সময়ৰ তু লনাত অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহৰ সময়চোৱাত পৰিভ্ৰমী চৰাই সমূহ
চাবলৈ অত্যাধিক ভাৱে আগমন হয় দেশী বিদেশী পৰ্যটকৰ।

পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি দীপৰবিলৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহু থলুৱা ব্যৱসায়ীয়ে বিচাৰি পাইছে স্বাৱলম্বনৰ
পথ। দীপৰবিললৈ অহা পৰ্যটক সকলক আপ্যায়নৰ বাবে পথৰ দাঁতিত গঢ় লৈ উঠিছে ফল মূলৰ বিপনী সমূহ।

এই সকলোবোৰ ইতিবাচক দিশৰ বাদেও দীপৰ বিললৈ বৰ্ত মান নামি আহিছে অশনি সংকেত । এফালে যান্ত্ৰিকতাৰ
প্ৰভাৱ, আনফালে মানৱসৃষ্ট বহু কাৰ্যই দীপৰ বিললৈ মাতি অনা চৰম ভাবুকিয়ে এতিয়া গ্ৰাস কৰিছে পক্ষীকূলৰ
ৰম্যভূ মিক । ক্ৰমাত প্ৰদূষিত হৈছে দীপৰ বিলৰ নিৰ্মল পানী; লগতে অবৈধ দখলেও দীপৰ বিলৰ অস্তিত্বলৈ মাতি আনিছে
ভাবুকি । প্ৰকৃ তিৰ ৰম্যভূ মি এই দীপৰবিলতে একাংশ মাছমৰীয়াই চলাই আহিছে মস্য নিধন কাৰ্য।

আনহাতে দীপৰ বিলৰ গাতে লাগি থকা বৰাগাওঁস্থিত গুৱাহাটী পৌৰনিগমৰ dumping ground টোৰ বৃহৎ জাঁৱৰৰ
দমবোৰে অতিমাত্ৰাত প্ৰদূষিত কৰিছে দীপৰ বিলৰ পানী আৰু জলবায়ু । কিন্তু বন বিভাগে বহুবাৰ আবেদন কৰিও
সঁহাৰি নাপালে জি.এম.চি কৰ্তৃ পক্ষৰ পৰা । আনহাতে দীপৰ বিলৰ সংৰক্ষিত এলেকাত অবৈধ ভাৱে মাটি দখল কৰি
বসতি স্থাপন কৰাৰ অভিযোগ বহু দিনৰে পৰা উত্থাপন কৰি আহিছে স্থানীয় প্ৰকৃ তিপ্ৰেমী সকলে। অৰণ্য মানৱ যাদৱ
পায়েঙক এই আগ্ৰাসনৰ বিষয়ে সোধাত তেওঁ কৈছিল---

অতি কম সময়ৰ ভিতৰত দীপৰ বিলৰ সকলোবোৰ দিশ সামৰি তথ্য চিত্ৰ নিৰ্মাণ কৰাটো কিছু কঠিন… যদিও
মনোমোহা প্ৰাকৃ তিক সৌন্দৰ্যৰে পৰিপূৰ্ণ, পক্ষীকুলৰ ৰম্যভূ মি হিচাপে খ্যাত এই দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যখনিৰ
ওপৰত আমি এক চমু অৱলোকন কৰাৰ প্ৰয়াস কৰিলো।

দীপৰ বিলৰ পৰা চিত্ৰগ্ৰহণ কৰি ঘৰমুৱা হওঁতে আমাৰ মনলৈ বহু প্ৰশ্ন আহিল।পৰিভ্ৰমী পক্ষীৰ বাবে বিখ্যাত জৈৱ
বৈচিত্ৰ্যৰে ভৰপূৰ অসমৰ এখন অন্যতম পক্ষী উদ্যান দীপৰ বিলৰ সংৰক্ষণৰ বাবে কিয় ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰা নাই
সংশ্লিষ্ট কৰ্তৃ পক্ষই। সময় থাকোতেই যদিহে দীপৰ বিল সংৰক্ষণৰ বাবে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে
মানৱসৃষ্ট কংক্ৰিটৰ মাজত নিশ্চিহ্ন হৈ পৰিব আমাৰ সকলোৰে আপোন দীপৰ বিলখন।

উল্লেখযোগ্য যে দীপৰ বিলৰ পৰা ৩৫ কিঃমিঃ দূৰত্বত আছে চেৰাপুঞ্জী ।

You might also like