You are on page 1of 1

২ছেপ্তেম্বৰ, ২০২২

নয়দা

প্ৰেছ বিজ্ঞপ্তি

অইলৰ সঞ্চালক (মানৱ সম্পদ) হিচাপে অশোক দাসৰ দায়িত্ব গ্ৰহণ

২ ছেপ্তেম্বৰ, ২০২২ তাৰিখে নয়দাস্থিত কাৰ্যালয়ত ভাৰতৰ দ্বিতীয়


বৃহৎ ৰাষ্ট্ৰীয় অন্বেষণ আৰু উৎপাদন প্ৰতিষ্ঠান অইল ইণ্ডিয়া
লিমিটেডৰ মানৱ সম্পদৰ সঞ্চালক হিচাপে অশোক দাসে দায়িত্ব
গ্ৰহণ কৰে । এই দায়্তিব গ্ৰহণৰ পূৰ্বে তেখেত মানৱ সম্পদ
বিভাগৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল ।

ৰাজনীতি বিজ্ঞানত স্নাতক আৰু ব্যৱসায় প্ৰশাসনত (এমবিএ)


স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শ্ৰী দাসে ১৯৮৯ চনত অইলত
কাৰ্যবাহী নবিচ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু
তিনিটা দশকৰো অধিক সময় ধৰি তেখেতে অইলৰ মানৱ সম্পদৰ
Shri Ashok Das, Director (HR)
কাৰ্যসমূহ যেনে প্ৰতিভা অধিগ্ৰহণ, কৰ্মক্ষমতা ব্যৱস্থাপনা,
ক্ষতিপূৰণ ব্যৱস্থাপনা, কৰ্মচাৰী সম্পৰ্ক, মজুৰি আলোচনা, প্ৰশিক্ষণ আৰু উন্নয়ন, এইচ আৰ আই এছ,
কৰ্মচাৰী সংযোগ আদি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূ মিকা পালন কৰিছিল ।

কৰ্মক্ষমতা-কেন্দ্ৰিক লোককেন্দ্ৰিক নেতৃ ত্ব শৈলীৰ বাবে পৰিচিত শ্ৰী দাসে অইলত মানৱ সম্পদৰ
কাম-কাজ সফলতাৰে পৰিচালনা কৰি আহিছে আৰু স্বচ্ছতা, বস্তুনিষ্ঠতা আৰু ন্যায়পৰায়ণতা বৃদ্ধিৰ বাবে
আই টি-সক্ষম মানৱ সম্পদ পদ্ধতিৰ প্ৰৱৰ্তন, মানৱ সম্পদ ব্যৱস্থা আৰু নীতিৰ সুশৃংখলিতকৰণৰ দৰে
কেইবাটাও প্ৰগতিশীল মানৱ সম্পদ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ অনলাইন পাৰফৰমেন্স মেনেজমেণ্ট
চিষ্টেমৰ ডিজাইন আৰু ৰূপায়ণৰ ক্ষেত্ৰত মানৱ সম্পদ দলৰ নেতৃ ত্ব দিছিল । শ্ৰী দাসে অইলত কেইবাটাও
নিগমিত সামাজিক দায়বদ্ধতা পদক্ষেপৰ নেতৃ ত্বও আগবঢ়াইছে আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথমটো
প্ৰতিষ্ঠান গুৱাহাটীৰ দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰাতো আগভাগ লৈছিল ।

কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ শ্ৰী দাস এজন প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ
ফু টবলাৰ আৰু কেইবাটাও বঁটা আৰু প্ৰশংসা লাভ কৰা এজন নাট্যশিল্পী ।

***

You might also like