You are on page 1of 1

হঠাতে অহা ফোনৰ সূচনাটোত ৰিগান উচাপ খাই উঠিল। ফোনটো খুলি চাই দেখে কৰিস্মা নামৰ ছোৱালী

এজনীয়ে ৰিগানৰ ইন্স্তাগ্ৰামৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। তেনেতে আন এটা সূচনাত কৰিস্মাই ৰিগানক "ফ ʼ লো বেক"
কৰিছে। তাৰ মানে ৰিগান আৰু কৰিস্মা দুয়ো দুয়োৰে পোষ্ট আৰু স্টৰীবোৰ চাব পাৰিব। ৰিগানৰ কাৰণে
এইটো ডাঙৰ কথা কাৰণ বেছি সংখ্যক ছোৱালীয়ে ৰিগানৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰে যদিও "ফ ʼ লো বেক" নকৰে
সেইবাবে তেওঁলোক তাৰ পোষ্ট আৰু স্টৰী চোৱা বন্ধু হৈ নপৰে। গতিকে ৰিগান আজি সাধাৰণতে নোহোৱা
কথাটোত উৎফুল্লিত হৈ পৰিল। সি কৰিস্মাৰ প্ৰফাইলত গৈ ফ ʼ তো বোৰ চাব ল ʼ লে। দুই এখনত কমেন্ত কৰিম
বুলিও ভাৱিলে যদিও বাদ দিলে কাৰণ আগতে এবাৰ ৰিম্পিৰ প্ৰফাইলত প্ৰস্তাৱ গ্ৰহণৰ লগে লগে কৰোঁতে একো
ৰিপ্লাই বা কমেন্তত লাইক এটাও নাহিল অথচ উপৰ্যুপৰি চাৰি পাঁচ খন ফ ʼ তোত কমেন্ত দি ফুৰোতে ব্লক হে
খালে। গতিকে সেইটো ভুল আকৌ কৰিব নোৱাৰি। লাগিলে দুই চাৰি ‌ দিন যাওক তাৰ পিছত লাহে ধীৰে কমেন্ত
আৰু মেচেজৰ খেলটো আৰম্ভ কৰিব। কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলায় ফোনৰ আন এটি সূচনাই ৰিগানক
আচৰিত কৰি পেলালে। সূচনাটো আছিল কৰিস্মাৰ মেচেজ "হাই ৰিগান"।

You might also like