You are on page 1of 2

মনৰ বাগিছা

আহাঁ তোমাক ফু ৰাই আনো,

মোৰ মনৰ বাগিছালৈ।

এই পাহ ফু ল চোৱা,

কৃ তজ্ঞতা নামেৰে এইপাহ ফু ল

মোৰ অতিকৈ মৰমৰ

অতিকৈ যতনৰ ফু ল।

দিনে নিশাই মই শাৰ পানী দিওঁ

চাৰিও কাষ চাফা চিকুন কৰি ৰাখোঁ।

তথাপি কিয় জানো কলীয়া ডাৱৰত

মোৰ ফু লপাহ মৰহী যায়।

আৰু তাৰ চাৰিওফালে

ফু লি উঠে অকৃ তজ্ঞা।

কলীয়া ডাৱৰ খন্তেকীয়া,

আহে আৰু যায় আৰু এৰি যায়

দুঃচিন্তা, বিৰাগ আৰু আশাহীনতা।

কলীয়া ডাৱৰলৈ মই গহীন হৈ চালো,

লক্ষ্য কৰিলো এখন বেঙু নীয়া আকাশ,

হয় তাত বগা মেঘো আছিলে,

দুই শালিকা চৰাইৰ কিৰিলি

আৰু ভোমোৰাৰ গুনগুনীও আছিলে।

তেনেতে নতু ন ফু লৰ সুবাস পালোঁ।


মোৰ মনৰ বাগিছা ভৰি পৰিল,

সুচিন্তা, সুখ আৰু উচ্চাকাঙ্ক্ষা।

Santanu Borah

PhD, 4th semester, Mechanical Engineering

NIT Silchar

You might also like