Professional Documents
Culture Documents
Anchor Script
Anchor Script
Rishi: আজিৰ সভাত উপৱিষ্ট সুধীবৃন্দ আৰু অনু জসকল, আপোনালোক সকলোকে এক্সিলিয়াৰ পৰিয়ালৰ তৰফৰ পৰা এই নৱাগত আদৰণী সভালৈ
আন্তৰিক স্বাগতম। এই অনুষ্ঠ ানটিক আপোনালোকৰ উপস্থিতিৰে জীপাল কৰি তোলাৰ বাবে পোন প্ৰথমেই আমি আমাৰ কৃ তজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ উপদেশ-পৰামৰ্শ সৰ্বদা আমাৰ পাথেয়।
Sudarshana: এই পৱিত্ৰ ক্ষণটিত আমি নৱাগতসকলক কিছু কথা ক’বলৈ বিচাৰিছোঁ । আজি তোমালোক ইয়াত উপস্থিত থাকি নানাৰঙী বিচিত্ৰ
ফু লৰ দৰে প্ৰস্ফূ টিত হৈ সভাৰ জেউতি চৰাইছাহঁ ক। আমি আশা কৰোঁ , অনাগত দিনসমূহত তোমালোক অদম্য বলেৰে বলীয়ান হৈ সফলতাৰ
চূ ড়ান্ত শিখৰত আৰোহণ কৰিবাগৈ।
Prajnan:
বিদ্যা মানৱ মনৰ দীপ্তি। অজ্ঞানতাৰ কুহেলিকা ভেদি জ্ঞানৰ সোণালী জগতত প্ৰৱেশ কৰিবলৈ মানুহৰ হেঁ পাহৰ অন্ত নাই।আমাৰ কবিয়ে কৈছে-
সেয়ে, জ্ঞাতিয়ে ভাগ-বটোৱাৰা কৰিব নোৱৰা, চোৰেও চু ৰ কৰিব নোৱৰা বিদ্যালঙ্কাৰেৰে অলঙ্কৃ ত হোৱাই আমাৰ জীৱনৰ মূল লক্ষ হোৱা উচিত।
অতীত আমাৰ বাবে সদায় মধুৰ আৰু ভৱিষ্যৎ সদায় কল্পনাৰাজ্য। কিন্ত, বৰ্ত মানৰ ভেটি ভালদৰে বান্ধিলেহে ভৱিষ্যতৰ কল্পনাৰাজ্য দিঠকত পৰিণত
হব। জীৱনৰ বাট নিস্কণ্টক কেতিয়াও নহয়। সংগ্ৰাম আন এটি নাম জীৱনৰে। জীৱনত পদে পদে নিত্য নতু ন সংগ্ৰামে ভু মুকি মাৰে। কিন্তু আমি
মানুহ। মানুহ সদায় আশাবাদী। জীৱন-বাটৰ প্ৰতিটো হেঙাৰ হেলাৰঙে পাৰ হবলৈ আমাৰ দুবাহুত আছে শকতিৰ অক্ষয় ভাণ্ডাৰ আৰু অন্তৰত আছে
প্ৰচণ্ড সাহ।
Ayusman: নতু ন দিনৰ নতু ন প্ৰভাতক আদৰিবলৈ আমি সদায়েই সাজু। বিদ্যাৰ পৱিত্ৰ মন্দিৰস্বৰূপ এক্সিলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কু লক পৰম
শ্ৰদ্ধাৰ শিক্ষাগুৰুমণ্ডলীৰ সহযোগত এক ত্বৰিত গতি প্ৰদান কৰিবলৈ আমি দায়ৱদ্ধ। যোৰহাট নগৰৰ মাজমজিয়াত প্ৰতিষ্ঠিত এই বিদ্যালয়ৰ শৈক্ষিক
ভৱিষ্যতক তু লি ধৰিবলৈ আমি আজি সংকল্প লৈছোঁ।
Lisha: এক্সিলিয়াৰ পৰিয়ালৰ নতু ন সদস্যসকললৈ পুনৰবাৰ ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠ ানটি আৰম্ভ কৰিবলৈ লৈছোঁ । অনুষ্ঠ ানটি
সাফল্যমণ্ডিত কৰি তোলাত আপোনাসৱৰ সহায়-সহযোগিতা বাঞ্ছিত।
তোমালোকৰ অভিলাষ এক হওক, তোমালোকৰ হৃদয় এক হওক, তোমালোকৰ মন এক হওক – যাতে তোমালোকৰ মাজত সম্পূৰ্ণ ঐক্য বিৰাজমান হয়।
[Curtain Down]