You are on page 1of 1

( Background Music: विद्या ददाति विनयं विनयाद्याति पात्रताम ् ।

पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम ् ॥ )

[Enter All the 6 Anchors as Decided]

Rishi: আজিৰ সভাত উপৱিষ্ট সুধীবৃন্দ আৰু অনু জসকল, আপোনালোক সকলোকে এক্সিলিয়াৰ পৰিয়ালৰ তৰফৰ পৰা এই নৱাগত আদৰণী সভালৈ
আন্তৰিক স্বাগতম। এই অনুষ্ঠ ানটিক আপোনালোকৰ উপস্থিতিৰে জীপাল কৰি তোলাৰ বাবে পোন প্ৰথমেই আমি আমাৰ কৃ তজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ সহায়-সহযোগিতা সৰ্বদা আমাৰ পাথেয়।

Sudarshana: এই পৱিত্ৰ ক্ষণটিত আমি নৱাগতসকলক কিছু কথা ক’বলৈ বিচাৰিছোঁ । আজি তোমালোক ইয়াত উপস্থিত থাকি নানাৰঙী বিচিত্ৰ
ফু লৰ দৰে প্ৰস্ফূ টিত হৈ সভাৰ জেউতি চৰাইছাহঁ ক। আমি আশা কৰোঁ , অনাগত দিনসমূহত তোমালোক অদম্য বলেৰে বলীয়ান হৈ সফলতাৰ
চূ ড়ান্ত শিখৰত আৰোহণ কৰিবাগৈ।

Prajnan:

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम ्


विद्या भोगकरी यश:सख
ु करी विद्या गरू
ु णां गरु
ु ः।
विद्या बन्धुजनो विदे शगमने विद्या परं दै वतम ्
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः।।

বিদ্যা মানৱ মনৰ দীপ্তি। অজ্ঞানতাৰ কুহেলিকা ভেদি জ্ঞানৰ সোণালী জগতত প্ৰৱেশ কৰিবলৈ মানুহৰ হেঁ পাহৰ অন্ত নাই।আমাৰ কবিয়ে কৈছে-

জানা লৰা কি কাৰণ


বিদ্যাধন মহাধন, অন্যধন চোৰে পায়
অগনিত পুৰি যায়।

সেয়ে, জ্ঞাতিয়ে ভাগ-বটোৱাৰা কৰিব নোৱৰা, চোৰেও চু ৰ কৰিব নোৱৰা বিদ্যালঙ্কাৰেৰে অলঙ্কৃ ত হোৱাই আমাৰ জীৱনৰ মূল লক্ষ হোৱা উচিত।

Anaynya: ইংৰাজীত এষাৰ কথা আছে-

“Let not thy winged days be spent in vain;


When gone, no gold can buy them back again.”

অতীত আমাৰ বাবে সদায় মধুৰ আৰু ভৱিষ্যৎ সদায় কল্পনাৰাজ্য। কিন্ত, বৰ্ত মানৰ ভেটি ভালদৰে বান্ধিলেহে ভৱিষ্যতৰ কল্পনাৰাজ্য দিঠকত পৰিণত
হব। জীৱনৰ বাট নিস্কণ্টক কেতিয়াও নহয়। সংগ্ৰাম আন এটি নাম জীৱনৰে। জীৱনত পদে পদে নিত্য নতু ন সংগ্ৰামে ভু মুকি মাৰে। কিন্তু আমি
মানুহ। মানুহ সদায় আশাবাদী। জীৱন-বাটৰ প্ৰতিটো হেঙাৰ হেলাৰঙে পাৰ হবলৈ আমাৰ দুবাহুত আছে শকতিৰ অক্ষয় ভাণ্ডাৰ আৰু অন্তৰত আছে
প্ৰচণ্ড সাহ।

Ayusman: নতু ন দিনৰ নতু ন প্ৰভাতক আদৰিবলৈ আমি সদায়েই সাজু। বিদ্যাৰ পৱিত্ৰ মন্দিৰস্বৰূপ এক্সিলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কু লক পৰম
শ্ৰদ্ধাৰ শিক্ষাগুৰুমণ্ডলীৰ সহযোগত এক ত্বৰিত গতি প্ৰদান কৰিবলৈ আমি দায়ৱদ্ধ।

[Curtain Down]

You might also like