You are on page 1of 2

নিৰ্বাচন বিশেষ দুটা মন্তব্য

(ক)

সকলোৰে আনন্দ যেতিয়া সৰ্বানন্দ আছিল

অসমৰ মুখ্যমন্ত্ৰী কোনজন হ'ব বুলি সুধিলে মোৰ উত্তৰ এটাই হয়। কোন হ'ব সেইটোতো বিজেপিৰ কেন্দ্ৰীয়
নেতৃ ত্ব‌
ই জানিব, আৰু তেওঁলোকেও সেইটো হিচাপ-নিকাচ কৰি শেষতহে ক'ব পাৰিব। কিন্তু সৰ্বানন্দ নে হিমন্তক
পাতিব - সেয়া দুইধৰণৰ পৃথক ৰাজনৈতিক পছন্দ। পছন্দটো নিৰ্ভ ৰ কৰিব ঘাইকৈ অসমত বিজেপিৰ
ৰাজনৈতিক প্ৰজেক্টটোৰ সফলতা তথা তাক লৈ তেওঁলোকৰ আত্ম-মূল্যায়নৰ ওপৰত। ইয়াত নেতাকেইজনৰ
ব্যক্তিগত ক্ষমতা আৰু ৰণকৌশলৰ প্ৰভাৱ নিশ্চয় থাকিব, কিন্তু মতাদৰ্শগত এজেণ্ডা বাদ দি কেৱল তাৰ
ওপৰত নিৰ্ভ ৰ কৰি কাম কৰা দল বিজেপি নহয়। হিমন্ত বিশ্বক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰাটোৱে এইটোকে
সূচায় যে অসমত বিজেপিৰ ৰাজনৈতিক প্ৰজেক্টটোৱে আধিপত্য লাভ কৰিছে আৰু তাতোকৈ ডাঙৰ কথা হ'ল
তাক লৈ বিজেপিৰ আত্মবিশ্বাস দৃঢ় হৈছে। নৃগোষ্ঠীয়ভাৱে জটিল আৰু হিন্দু জাতীয়তাবাদীহঁ তৰ টিপিকেল উত্তৰ
ভাৰতীয় সমাজ-চিন্তাৰ বাবে আচহুৱা অসমৰ সমাজজীৱনত সোমাই খোপনি পুতিবৰ বাবে বিজেপিক এজন
সৰ্বানন্দ সোণোৱালৰ প্ৰয়োজন আছিল। এখন ট্ৰাইবেল মুখ, এটা গহীন, গাত চেকা নলগা আৰু সম্ভ্ৰম আদায়
কৰিব পৰা ভাবমূৰ্তি ৰ এজন সোণোৱালৰ প্ৰয়োজন আছিল। তেওঁৰ সেই ভাবমূৰ্তি টো আছিল নিৰ্মল ভকতৰ
দৰে পৰিষ্কাৰ আৰু নিৰ্দ োষ - অন্যান্য জনগোষ্ঠীবোৰৰ লগতে সি বৰ্ণহিন্দু সমাজখনৰ বাবেও নৈতিকভাৱে
স্বস্তিদায়ক তথা গ্ৰহণযোগ্য আছিল। পাছত ৰাজনৈতিক পৰিস্থিতিৰ চাকনৈয়াত পৰি সেই ভাবমূৰ্তি যে বহুতৰ
বাবে হাঁহিৰ ৰহঘৰাত পৰিণত হৈছিল সেইটো বেলেগ কথা। কিন্তু আন আন নেতাই বিজেপিৰ ৰাজনৈতিক
প্ৰজেক্টটো অধিক মুক্ত আৰু জংগী ৰূপত আগ বঢ়াই নিয়াৰ মুহূৰ্ত তো সোণোৱাল সম্ভ্ৰমৰ উচ্চ স্থানত সদায়েই
থিয় হৈ ৰৈছিল এটা প্ৰতীকৰ ৰূপত। সেই প্ৰতীকটোৱে যেন আমাক পাহৰাই ৰাখিব খুজিছিল যে অসমৰ
ৰাজনীতিত এক পৰ্বান্তৰ ইতিমধ্যে হৈ গৈছে আৰু আমি হিন্দু জাতীয়তাবাদৰ দিশে আগ বাঢ়ি গৈ আছো। সি
যেন আমাক ক'ব খুজিছিল যে বহুনৃগোষ্ঠীয় অসমখন একেই আছে, চব ঠিকেই চলি আছে। কিন্তু এইবাৰৰ
নিৰ্বাচনে প্ৰমাণ কৰিলে যে বিজেপিয়ে সেইটো পৰ্যায় ইতিমধ্যে পাৰ হৈ আহিল। আৰম্ভণিৰ চু চু ক-চামাক থুনুক-
থানাকবোৰ সি ক'ৰবাত এৰি থৈ আহিল। এতিয়া সি প্ৰবল আত্মবিশ্বাসী - সি এতিয়া মুক্তভাৱে আৰু
জংগীপনাৰে নিজৰ কাম কৰিব পাৰে। গতিকে হিমন্ত বিশ্ব।

সম্পৰ্ক এটাৰ আৰম্ভণিতে ঘটা সংকোচবোধ, অনাহক ভদ্ৰতা আৰু লজ্জামিশ্ৰিত জড়তাৰ পৰ্যায়টো যদি সৰ্বানন্দ‌
সোণোৱালে প্ৰতিনিধিত্ব কৰে, তেন্তে তাৰ পাছৰ খোল্লম খোল্লা পৰ্যায়টো প্ৰতিনিধিত্ব কৰে হিমন্ত বিশ্ব‌
ই।

(খ)
নতু ন দলকেইটা সম্পৰ্কে

এইবাৰ নিৰ্বাচনৰ ফলাফল আচলতে কা-বিৰোধী আন্দোলনে কাহানিবাই ঠিক কৰি থৈছে। আজিকালি ম'বাইল
পেকৰ ৰিচাৰ্জ আগতীয়াকৈ কৰি থ'ব পাৰি। আগৰ পেকটো চলি থাকোতে নতু নটো "upcoming plan" বুলি
দেখাই থাকে - আগৰটো শেষ হ'লেই এইটো অটোমেটিক লাগি যায়। ক'বলৈ গ'লে, বিজেপিৰ নতু ন প্লেনটোৰ
ৰিচাৰ্জ আমি কা-বিৰোধী আন্দোলনৰ সময়তেই কৰি থৈছো। এতিয়া প্লেনটো লাগু হৈ যাব।

নিৰ্বাচনৰ প্ৰসংগত অলপ বহলাই লিখাৰ ইচ্ছা আছিল যদিও সময়ৰ অভাৱত লিখা নহ'লগৈ। কা-বিৰোধী
আন্দোলনৰ ভৰপক সময়ত, ২০১৯ৰ ডিচেম্বৰত লিখা "কেব-বিৰোধী আন্দোলন : চৰিত্ৰ আৰু উত্তৰাধিকাৰ"
লেখাটোত আন্দোলনটোৰ এটা বিশ্লেষণৰ লগতে তাৰ ৰাজনৈতিক উত্তৰাধিকাৰ সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা
কৰিছিলো, সেইটো এতিয়াও প্ৰাসংগিক। তাৰ লগত দুটামান কথা পটকৰে যোগ দিব খুজিছো - নতু ন দলকেইটা
সম্পৰ্কে ।

কা-বিৰোধী আন্দোলনৰ পাছত অসমে তিনিটা নতু ন দল পালে। তাৰে আঞ্চলিক গণ মৰ্চ া পূৰাপূৰি আৰু
জাতীয় পৰিষদ আংশিকভাৱে ভাৰ্চু ৱেল দল। ব্যক্তিগতভাৱে কোনো কোনো নেতাৰ অঞ্চল বিশেষে জনপ্ৰিয়তা
থাকিব পাৰে, কিন্তু সাধাৰণভাৱে গণভিত্তি নাই। ৰাইজৰ দলৰ ক্ষেত্ৰত কথাটো বেলেগ হ'ব পাৰিলেহেঁ তেন, কিন্তু
নহ'ল। পৰিস্থিতিৰ ঐতিহাসিক সীমাবদ্ধতাবিলাকতো আছেই, কিন্তু দলটো যি সময়ত যেনেধৰণে আৰম্ভ কৰা
হ'ল আৰু যেনেধৰণৰ ৰণকৌশল অৱলম্বন কৰা হ'ল তাৰ পৰিণামত ই দল হিচাপে থিয়দঙা দিব নোৱাৰিলে।
কৃ ষক মুক্তিয়ে অসমৰ জনসাধাৰণৰ যি বিপুল প্ৰতিবাদী শক্তি জাগ্ৰত কৰি আহিছে অতদিনে, ৰাইজৰ দলে তাৰ
অলপো আদায় কৰিব নোৱাৰিলে। "কেব-বিৰোধী আন্দোলন : চৰিত্ৰ আৰু উত্তৰাধিকাৰ" লেখাটোত লিখিছিলো
যে কৃ ষক মুক্তিয়ে ৰাজনৈতিক দল খুলিবলৈ হ'লে সকলো জাঙু ৰ খাই উঠিব। কিন্তু বাস্তৱত তেনেকুৱা নহ'ল‌
কিয়? অখিল গগৈয়ে দল খুলি নিৰ্বাচন খেলিছে, অথচ অসমীয়া মধ্যবিত্ত‌
ই অলপো ভয় নাখালে, বিজেপিয়েও একো
পাত্তাই নিদিলে। কিয়? আজমলৰ নাম লৈ যেনেকৈ ভয় খুৱায়, এইবাৰ বিজেপিয়ে আচলতে অখিলৰ নাম লৈ
ভয় খুৱাব লাগিছিল। কিন্তু তেনে নহ'ল কিয়? আন কাৰণো আছে, কিন্তু প্ৰধান কাৰণটো হ'ল, বিজেপিক ভয়
খুওৱাটো বাদেই, ৰাইজৰ দলে নিজৰ খোপনি ৰাখিব‌
ও নোৱাৰিলে। তথাপি বিধানসভাত যে অখিল গগৈ প্ৰবেশ
কৰিব (অনুমান কৰিব পাৰি, আজি ভোট গণনা হৈ আছে, ফলাফল বাকী) কৰিব, সেইটোৱেই অসমৰ ৰাজনীতিৰ
বাবে আটাইতকৈ ভাল খবৰ।

(ফে'চবুক প'ষ্ট। ক্ৰমে ০৯-০৫-২১ আৰু ০২-০৫-২১)

You might also like