You are on page 1of 3

অভিনন্দন অখিল গগৈ

জিতেন বেজবৰুৱা

অখিল গগৈৰ বিধানসভালৈ নিৰ্বাচন সাম্প্ৰতিক অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। এই
ঘটনাক বাদ দি এইবাৰৰ নিৰ্বাচনটোত ৰাজনৈতিকভাৱে নতু ন বুলিবলৈ একো নাই। সি এটা পুনৰাবৃত্তি মাত্ৰ।
প্ৰকৃ ততে ২০১৪ চনৰ পাছত ইমান দিনে অসমৰ ৰাজনীতিত দুটাই নতু ন ঘটনা ঘটিল - প্ৰথমটো হ'ল বিজেপিৰ
প্ৰবেশ আৰু আধিপত্য প্ৰতিষ্ঠা, দ্বিতীয়টো হ'ল তাৰ বিৰুদ্ধে কা-বিৰোধী আন্দোলন। অসমৰ সমাজ-ৰাজনীতিত
বিজেপিৰ ক্ৰমবৰ্ধমান আধিপত্যৰে প্ৰমাণ আছিল ২০১৬ চনৰ শাসনভাৰ দখল। এই আধিপত্যৰ বিৰুদ্ধে এটা
সমালোচনা আৰু বিৰোধ খাৰা কৰিছিল কা-বিৰোধী আন্দোলনে। কিন্তু ঘাইকৈ আন্দোলনটোক ৰাজনৈতিকভাৱে
আগুৱাই নিব পৰাকৈ মতাদৰ্শগতভাৱে স্পষ্ট আৰু সাংগঠনিকভাৱে শক্তিশালী কোনো জাতীয়-জনপ্ৰিয় ৰাজনৈতিক
শক্তি নথকাৰ বাবে তাৰ জুইকু ৰা সোনকালেই নুমাই থাকিল। ফলত বিজেপিৰ ৰাজনৈতিক যাত্ৰাপথত সি বিশেষ
একো ব্যাঘাত জন্মাব নোৱাৰিলে। সি যি নহ‌ওক, এই দুটা ঘটনাৰ পাছত অখিল গগৈৰ নিৰ্বাচনেই হ'ল
ৰাজনৈতিকভাৱে আটাইতকৈ তাৎপৰ্যপূৰ্ণ ঘটনা। গগৈৰ নিৰ্বাচনৰ জৰিয়তে শিৱসাগৰৰ ৰাইজে অসমৰ সংগ্ৰামী
ৰাজনীতিৰ মান ৰক্ষা কৰিলে, সদৌ অসমবাসী ৰাইজৰ হৈ পাপৰ প্ৰায়শ্চিত্ত কৰিলে। কাৰাগাৰৰ ভিতৰত সোমাই
থকা প্ৰাৰ্থী এজনক লৈ ৰাইজৰ মাজত এনে জাগৰণ সতকাই ঘটিব পৰা ঘটনা নহয় - সংগঠন, ৰাইজ আৰু
গগৈৰ দীৰ্ঘদিনীয়া সংগ্ৰামী ইতিহাসৰ মিলনেহে সেইটো সম্ভৱ কৰি তু লিলে। গতিকে হাজাৰ হতাশাৰ মাজতো
এইটো নিশ্চয় উদযাপনৰ মুহূৰ্ত।

কিন্তু একে সময়তে আমি অখিল গগৈক এক ধৰ্মসংকটৰ মাজলৈও ঠেলি দিলো। প্ৰতিবাদী আন্দোলনৰ
মাজৰপৰা যেতিয়া এটা ৰাজনৈতিক শক্তি আইনসভাৰ ভিতৰত প্ৰবেশ কৰে তেতিয়া সাধাৰণতে সি
আন্দোলনটোকো (বা অন্ততঃপক্ষে আন্দোলনসৃষ্ট জনপ্ৰিয় শক্তিখিনিক) লগতে লৈ যায়। ভাৰতৰ ৰাজনীতিত ইয়াৰ
বহুতো উদাহৰণ আছে। কিন্তু গগৈৰ ক্ষেত্ৰত কথাটো ওলোটা হ'ল। নেতাজন সৰকি সিপাৰলৈ গুচি গ'ল, কিন্তু
আন্দোলনটো থাকি গ'ল এইপাৰে। গগৈ অকলে গৈ বিধানসভাত সোমাল, কিন্তু আন্দোলনটো ৰাস্তাত থাকি গ'ল।
এইটো এটা বৰ আচহুৱা আৰু অসুবিধাজনক অৱস্থা। এইটোৱেই নিশ্চয়কৈ বিধায়ক গগৈৰ ক্ষেত্ৰত আটাইতকৈ
ডাঙৰ সমস্যা হৈ থিয় দিব। গগৈয়ে বিধানসভাত অসমৰ ৰাইজৰ কণ্ঠ হৈ উঠিব খোজে বুলি নিজে কৈছে। তেওঁৰ
দৰে এজন আপোচবিহীন আৰু দুঃসাহসী জননেতাই সেই দায়িত্ব যে হেলাৰঙে পালন কৰিব পাৰিব তাক লৈ কোনো
সন্দেহ নাই। কিন্তু তেওঁৰ পিছফালে কোন থাকিব? আগতে ৰাস্তাত আন্দোলনৰ মাজত থাকোতে তেওঁৰ এটা ছলিড
ভিত্তি আৰু জৈৱিক সমৰ্থন আছিল। কিন্তু এতিয়া বিধায়ক হিচাপে আহি পৰা সীমাবদ্ধতাৰ মাজত তেওঁ এক
ভাৰ্চু ৱেল সমৰ্থনহে লাভ কৰিবলৈ সক্ষম হ'ব। ভাৰ্চু ৱেল সমৰ্থনৰ কোনো আনুষ্ঠানিক বা আইনগত শক্তি
নাথাকে। আগতেও তেওঁলোকে মেডিয়াৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিছিল, কিন্তু এতিয়া সক্ৰিয় সাংগঠনিক
সম্পৰ্কৰ অভাৱত মেডিয়াই হৈ পৰিব মূল মধ্যস্থতাকাৰী। এনে কাৰণত ইছ্যু এটা বাকপটু তাৰে বিধানসভাত
উত্থাপন কৰিলেও তাক ৰাজনৈতিকভাৱে আগ বঢ়াই লৈ যাবলৈ অসুবিধা হ'ব। আনহাতে, আমি এই কথা চকু মুদি
ক'ব পাৰো যে অখিল গগৈক ঘৰচীয়াকৰণ কৰিব পৰাকৈ বিধানসভা নালাগে, ৰাষ্ট্ৰৰ কোনো অনুষ্ঠানেই শক্তিশালী
নহয়। কিন্তু তেওঁৰ বিধানসভাত প্ৰবেশ কৰাটোক বহুতেই ঘৰচীয়াকৰণৰে নামান্তৰ বুলি গ্ৰহণ কৰিব, আৰু সেইদৰে
তেওঁক ব্যৱহাৰ কৰিব। ইয়াৰ ফলত তেওঁ হয়তো সপোনতো নভবা বহু মানুহৰো সমৰ্থন লাভ কৰিব। কিন্তু এই
সকলোৱে মিলি তেওঁৰ ওপৰত এটা নৈতিক হেঁচাৰ সৃষ্টি কৰিব, যিটোক লৈ নিশ্চয় মেডিয়াও সততে সৰৱ হৈ
থাকিব। যাতে তেওঁ আগৰ জীৱনৰ বন্য জংগীপনাক বিদায় দিয়ে আৰু ভাল ল'ৰাৰ দৰে সংসদীয় আচৰণ কৰিবলৈ
শিকে। (উৎপতীয়াটো বিধানসভাত সোমাই গ'ল। উঃ ৰাম, এতিয়াহে শান্তি। খালী তাতো সি নতু নকৈ উৎপাত
নকৰিলেই হ'ল।) এই নৈতিক হেঁচাটোৱেও তেওঁক কিছু হকাবাধা কৰিব বুলি অনুমান কৰিব পাৰি। গতিকে এই
সম্ভাব্য সমস্যাবিলাক আগতীয়াকৈ অনুধাৱন কৰি সিবিলাকক কেনেদৰে অতিক্ৰম কৰিব পৰা যাব সেই লৈ চিন্তা
কৰা দৰকাৰ। অখিল গগৈ অবিহনে কৃ ষক মুক্তি আন্দোলনটো কেনেদৰে চলিব, ৰাস্তাৰ আন্দোলনৰ সৈতে গগৈৰ
বিধায়িনী কাৰ্যকলাপৰ সম্পৰ্ক থাকিবনে, থাকিলে সেয়া কেনেধৰণৰ হ'ব আৰু কেনেদৰে তাক চলাই নিয়া যাব -
এইবোৰ হ'ল মৌলিক প্ৰশ্ন। গগৈৰ নিৰ্বাচন হ'ল সৰ্বাত্মক ৰাজনৈতিক অস্থিৰতাৰ এজাক ধুমুহাৰ মাজত কৰা কিছু
তাৎক্ষণিক আয়োজন মাত্ৰ। এনেকু ৱা অৱস্থাত উপৰোক্ত প্ৰশ্নসমূহৰ কোনো নিখুঁত আৰু স্থায়ী উত্তৰ বিচৰাটো
ভু ল। কিন্তু প্ৰশ্নসমূহ উত্থাপন কৰাটো জৰুৰী যাতে কাম চলাব পৰাকৈ কিছু সঠিক ৰণকৌশল সময়মতে প্ৰস্তুত
কৰি উলিওৱাৰ পথ মুকলি হয়। আনহাতে, অখিল গগৈয়ে মাজে-সময়ে খুবেই স্ববিৰোধী আৰু দায়িত্বহীন অৱস্থান
গ্ৰহণ কৰি আহিছে, কেতিয়াবা চতু ৰালিও কৰিছে। কিন্তু যিজন জননেতাৰ ৰাইজৰ প্ৰতি আন্তৰিকতা প্ৰশ্নাতীত,
যিজনে সংগ্ৰামৰ অগ্নিপৰীক্ষাত বাৰংবাৰ উত্তীৰ্ণ হৈছে, সেইজন অখিল গগৈয়ে নতু নকৈ একো বুলি নিজকে প্ৰমাণ
কৰাৰ প্ৰয়োজন নাই, কাকো কোনো স্পষ্টীকৰণ দিয়াৰ দৰকাৰ নাই, কাকো তেল মৰাৰ প্ৰয়োজন নাই। তেওঁ কেৱল
সংগ্ৰাম আগ বঢ়াই নিয়ক, ৰাইজ লগত থাকিব। কাৰণ ৰাইজে তেওঁক জানে, চিনি পায়। গতিকে এই সম্পৰ্কেও
তেওঁ কিছু চিন্তা কৰাটো আমি কামনা কৰো।

আশা কৰিছো, বিধানসভা অখিল গগৈৰ বাবে গঁৰাল নহৈ কু স্তি যুঁজৰ ষ্টেডিয়াম হৈ উঠক - য'ত শাসকক ধৰাশায়ী
কৰিব পৰা যায়। আমাৰ ফালৰপৰা তেওঁলৈ শুভেচ্ছা যাচিলো।

(ৰচনাকাল: ০৩-০৫-২১)

You might also like